কলীয়া গোসাঁই মন্দিৰত ধৰ্মীয় সভা 2019 

কৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় চ।

নন্দগোপ কুমাৰয় গোৱিন্দায় নমো নমঃ।।


শ্ৰদ্ধাভাজনেষু,
     শ্ৰদ্ধা গ্ৰহন কৰিব । ভক্তপ্ৰাণ ৰাইজলৈ মাঘ বিহুৰ শুভেচ্ছা যাচিছোঁ। অইন বেলিৰ দৰে এই বেলিও মহাপ্ৰভু শ্ৰী শ্ৰী কলীয়া গোসাঁই মন্দিৰত ১ মাঘ (১৬ জানুৱাৰী, ২০১৯ খৃঃ) তাৰিখে ধৰ্মীয় সভাখন বৰ্ণাঢ্য কাৰ্য্যসূচীৰে পালন কৰিবলৈ আয়োজন কৰা হৈছে।
আৰু মাঘ মাহৰ ২ তাৰিখ (১৭-০১-২০১৯) খৃঃ বৃহস্পতিবাৰ পৰা ৬ মাঘ (২১-০১-২০১৯) খৃঃ তাৰিখ সোমবাৰলৈ পাঁচদিন ব্যাপি বৰ্ণাঢ্য কাৰ্য্যসূচীৰে শ্ৰী শ্ৰী কলীয়া গোঁসাই মহাপ্ৰভুৰ পদযুগলত একাজলি পুস্পাঞ্জলি প্ৰদান কৰাৰ মানসেৰে ধৰ্মীয় পৰম্পৰা আৰু অসমীয়া লোকসংস্কৃতি হাইতাল বলোৱা ইতিহাস প্ৰসিদ্ধ হাৰিভাঙ্গা গাঁও উন্নয়ন সভা মহোৎসৱ উদযাপন কৰিবলৈ যো-জা কৰা হৈছে ।
সেয়েহে সমূহ কাৰ্য্যসূচীতে আপোনাৰ/ আপোনালোকৰ তথা ৰাইজৰ সহায়-সহযোগ আৰু উপস্হিতি শ্ৰদ্ধাৰে কামনা কৰা হ'ল।

শ্ৰী শ্ৰী কলীয়া গোসাঁই মন্দিৰ পৰিচালনা সমিতি, হাৰিভাঙ্গা।।।